মন্থন বঁটা

 

ভাৰতত সৃষ্টিশীলতা আৰু ই-কণ্টেণ্টৰ ক্ষেত্ৰত শ্ৰেষ্ঠজনলৈ প্ৰদান কৰা প্ৰথমটো বঁটা হৈছে মন্থন বঁটা। ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তিবিদ্যা বিভাগৰ আন্তৰ্জাতিক শীৰ্ষ সন্মিলন বঁটাৰ সহযোগত ডিজিটেল এমপাৱাৰমেণ্ট ফাউণ্ডেচনে এই বঁটাটোৰ সূচনা কৰিছিল। দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ উন্নয়নৰ বাবে ডিজিটেল সামগ্ৰীৰ প্ৰসাৰতাৰ ক্ষেত্ৰত ইয়াৰ লগতে সহযোগ কৰিছে নাগৰিক, সংবাদ মাধ্যম আৰু বিভিন্ন সংস্থাই।

 

তেতিয়াৰ পৰাই ই দেশৰ বিকাশৰ ক্ষেত্ৰত শ্ৰেষ্ঠতম ই-কণ্টেণ্ট নিৰ্বাচন কৰাৰ কামত ব্ৰতী হৈ আহিছে। কম্পিউটাৰ, ইণ্টাৰনেট, কমিউনিটী ৰেডিঅ’, দৃশ্য-শ্ৰব্য মাধ্যম, শেহতীয়া অন্যান্য সঁজুলি আৰু ব্লগিঙৰ জৰিয়তে তথ্য আৰু সংযোগ প্ৰযুক্তিৰ সম্প্ৰসাৰিত ব্যৱহাৰক সম্প্ৰতি বিশ্বজুৰি স্বীকাৰ কৰি লোৱা হৈছে।

 

ভাৰতত তথ্য আৰু সংযোগ প্ৰযুক্তি ব্যৱহাৰিক আৰু গুণগত ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈ আহিছে। ইণ্টাৰনেট, পাৰ্চনেল কম্পিউটাৰ, চি আৰ আৰু অন্যান্য মাধ্যমেৰে তথ্য আৰু সংযোগ প্ৰযুক্তি ব্যৱহাৰৰ ফলত কিদৰে ব্যক্তিগত জীৱনৰ পৰা সমাজ ব্যৱস্থাই শক্তিশালী আৰু দীৰ্ঘস্থায়ী উন্নয়ন লাভ কৰিছে তাৰ বহুতো উদাহৰণ পোৱা গৈছে।

 

ভাষাইণ্ডিয়াক ‘ই-লোকেলাইজেচন’ৰ বঁটাৰ প্ৰথম স্থানত ঘোষণা কৰিবলৈ পাই আমি অতিশয় আনন্দিত। কম্পিউটাৰত অসমীয়া, বাংলা, গুজৰাটী, কানাডা, তামিল আদি প্ৰধান ভাৰতীয় ভাষা প্ৰয়োগৰ ক্ষেত্ৰত ভাষাইণ্ডিয়াই কৰি অহা কামৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।

 

অনলাইন কণ্টেণ্টৰ ক্ষেত্ৰত ভাষাইণ্ডিয়া এটা সম্পূৰ্ণ কমিউনিটী ছাইট। ভাষাইণ্ডিয়া ফ’ৰামে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰু বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ এখন মঞ্চ প্ৰদান কৰিছে। ভাৰতীয় ভাষা কম্পিউটাৰত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত উত্থাপিত হোৱা প্ৰশ্নৰ উত্তৰ দিয়ে ভাষাইণ্ডিয়াৰ বিশেষজ্ঞসকলে। ক্ষুদ্ৰ ব্যৱসায় আৰু ব্যক্তিগত পৰ্যায়ত ব্যৱহাৰৰ বাবে বিনামূলীয়াকৈ ভাষা সম্বন্ধীয় ছফটৱেৰ আৰু ফণ্ট বজাৰত মুকলি কৰি দি ইণ্ডিক ভাষাৰ প্ৰচলন বৃদ্ধি কৰাটো ভাষাইণ্ডিয়াৰ অন্যতম বৃহত লক্ষ্য।

 

ইয়াৰ মূল প্ৰকল্পৰ অধীনত আই এম ই নামৰ এটা প্ৰকল্প হাতত লোৱা হৈছে য’ত মানুহে কম্পিউটাৰত আঞ্চলিক ভাষা প্ৰয়োগৰ বাবে ইংৰাজীৰ কোৱাৰ্টি (QWERTY) কীব’ৰ্ড ব্যৱহাৰেৰেই কৰিব পাৰে। বহুতৰপীয়া কীব’ৰ্ড লে’আউট পদ্ধতিৰে এই কীব’ৰ্ডখন ইংৰাজী আৰু আঞ্চলিক ভাষাৰ মাজত সলনি কৰি ল’ব পাৰি আৰু যিকোনো ৱৰ্ড প্ৰচেছৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি।