মাইক্ৰ’ছফ্ট ৰিচার্ছ
মাইক্ৰ’ছফ্ট ৰিচার্ছ (এম এচ আৰ) 1991 চনত স্হাপন হোৱা বিশ্বৰ এটা প্ৰসিদ্ধ প্ৰতিস্হান যিটোৱে কম্পিউটিঙৰ সাধাৰণ আৰু প্ৰায়োগিক গৱেষণাত দৃষ্টিপাত কৰে। বিশ্বজুৰি আঠটা শাখা আৰু 800 ৰো অধিক গৱেষক থকা এইটোৱেই কম্পিউটাৰ বিজ্ঞানৰ একক বৃহত্তম গৱেষণা প্ৰতিস্হান।
কম্পিউটিঙৰ 55 টা বিভিন্ন ক্ষেত্ৰত এটা প্ৰবাহমান ভিত্তিত গৱেষণা পৰিচালনা কৰি থকা হৈছে। এম এচ আৰে টুৰিং পুৰস্কাৰ বিজয়ীৰ দৰে কিছুমান অতি উচ্চ মানদণ্ডৰে স্বীকৃত মেধাসম্পন্ন ব্যক্তি নিয়োগ কৰে।
এম এচ আৰৰ ৱেবচাইটে নবীন আৰু অভিজ্ঞ গৱেষক সকলৰ বাবে প্ৰকাশন শাখাত সম্পদৰ বিপুল সম্ভাৰ উপলব্ধ কৰে। শিৰোনামা, লেখক আৰু সাৰাংশ অনুসৰি অনুসন্ধান কৰি তথ্যবোৰ সহজে বিচাৰি পোৱাৰ ব্যৱস্হা প্ৰদান কৰিছে। প্ৰকাশিত সামগ্ৰীবোৰ নিষ্কাষণ কৰাৰ ব্যৱস্হা আছে।
যিসকলে গৱেষণাত শেহতীয়া প্ৰযুক্তিৰ অভিজ্ঞতা হাতে-কামে ল’ব খোজে, তেওঁলোকে প্ৰকল্প শাখাটো চাব পাৰে, য’ত তেওঁলোকে শেহতীয়া গৱেষণাৰ অভিজ্ঞতা কেনেকৈ আহৰণ কৰিব পাৰে তাৰ তথ্য আৰু নির্দেশনাৱলী আছে। গৱেষণাৰ ক্ষেত্ৰ আৰু স্হান অনুসৰি নিষ্কাষণ কৰাৰ সুবিধা আছে। শুদ্ধ তথ্য চিহ্নিত কৰাৰ বাবে প্ৰথমটো অতি উপযোগী হয়।
আপুনি সাময়িক তথ্য প্ৰাৰ্থীয়েই হওক বা একনিষ্ঠ শিকাৰুৱেই হওক, আপুনি সদায়েই শেহতীয়াকৈ আধুনিকীকৃত তথ্যৰ বাবে ভিডিঅ’ চাব পাৰে। অধিক তথ্যৰ বাবে http://research.microsoft.com/ ত ল’গ অন কৰক।