ছ’ছিয়েল নেটৱর্কিং : টুইটাৰ


টুইটাৰ এটা ছ’ছিয়েল নেটৱর্কিং ৱেবচাইট, যিটো মাইক্ৰ’-ব্লগিঙৰ পথ প্ৰদর্শক। এইটোৱে ব্যৱহাৰকাৰীক টুইট বুলি কোৱা বার্তাবোৰ প্ৰেৰণ/গ্ৰহণ কৰাৰ সুবিধা দিয়ে। সংক্ষিপ্ততাই হ’ল টুইটাৰৰ অনন্যতা, যেনে- এটা বার্তাত মাত্ৰ 140 টা বর্ণহে লিখিব পাৰি।


যিকোনো ব্যক্তি/প্ৰতিস্হানেই এটা টুইটাৰ একাউণ্ট খুলিব পাৰে আৰু টুইটিং আৰম্ভ কৰিব পাৰে। এইখন এখন মুক্ত মঞ্চ য’ত এজন ব্যৱহাৰকাৰীয়ে অন্য ব্যৱহাৰকাৰীসকলক অনুসৰণ কৰিব পাৰে। অৱশ্যে গোপনীয়তা ৰক্ষাৰ বাবে ব্যৱহাৰকাৰীৰ টুইটবোৰ সুৰক্ষিত কৰিবলৈ টুইটাৰত এটা বিকল্প‍ও আছে। এজন ব্যৱহাৰকাৰীৰ টুইটবোৰ সুৰক্ষিত কৰিবলৈ, টুইটাৰ একাউণ্টৰ মালিকজনে তেওঁৰ প্ৰতিজন অনুসৰণকাৰীকেই নিজেই অনুমোদন দিব লাগিব। তেওঁলোকে যিকোনো ব্যৱহাৰকাৰীকেই টুইটবোৰ চোৱাটো বন্ধ কৰিবও পাৰে।  


এটা নির্দিষ্ট সময়ৰ ভিতৰত টুইটাৰ ব্যৱহাৰকাৰীসকলৰ সৈতে বিকশিত হৈছে। যদি কোনো ব্যৱহাৰকাৰীয়ে অন্য ব্যৱহাৰকাৰীৰ টুইটবোৰ সৈতে ভাগ ল’ব বিচাৰে বা পচন্দ কৰে, তেওঁলোকে এইবোৰ পুনৰ টুইট কৰিবলৈ বাছনি কৰে। অন্য ব্যৱহাৰকাৰীৰ টুইট বুজাবলৈ আৰম্ভণিতে ব্যৱহাৰকাৰীয়ে এটা টুইটৰ আগত আৰ টি লিখিছিল, কিন্তু এতিয়া পুনৰ টুইট কৰাৰ বাবে এটা বুটাম উপলব্ধ কৰা হৈছে।


বলিষ্ঠ ব্যৱসায়িক আদর্শ নোহোৱাৰ বাবে টুইটাৰে প্ৰাৰম্ভিক অৱস্থাত সমলোচনাৰ সম্মুখিন হৈছিল, কিন্তু বিং আৰু গুগুলৰ দৰে নামী অনুসন্ধান সংস্হাৰ লগত চুক্তি সম্পাদন কৰাৰ পিছত টুইটাৰে ৰাজহ দেখিবলৈ আৰম্ভ কৰিছে। সেৱাবোৰৰ আৰু বৃদ্ধি কৰিবলৈ অলপতে এটা #নতুন  টুইটাৰ নক্সাৰ সূচনা কৰিছে।


অধিক তথ্যৰ বাবে www.twitter.com  ত ল’গ অন কৰক।