http://www.windowsmedia.com
Windowsmedia.com টো উইণ্ড’জ সংৰূপ ব্যৱহাৰ কৰি অনলাইন মিডিয়া প্ৰবাহ কৰাৰ এটা পর্টেল। এইটোৱে সংগীত, ভিডিঅ’, চলচ্চিত্ৰ, টিভি, খেলা, ইণ্টাৰনেট ৰেডিঅ’ আৰু বহুতো সম্ভাৰ আগবঢ়ায়। অন্য কথাত ক’বলৈ গ’লে উইণ্ড’জ মিডিয়া চেণ্টাৰ, উইণ্ড’জ মিডিয়া প্লেয়াৰ, উইণ্ড’জ মিডিয়া এনক’ডাৰ আৰু কিছুমান সেৱাই আগবঢ়োৱা বৈশিষ্টবোৰ একত্ৰিত কৰে।
সংগীত প্ৰেমী সকলৰ বাবে ইয়াত বহুতো কিবা-কিবি আছে। ই আপোনাক মাহটোৰ শিল্পী, উঠি অহা শিল্পী আৰু উদ্যোগটোৰ শেহতীয়া আৰু উত্তম তথ্যবোৰ প্ৰদান কৰে। আপুনি যদি অপাৰম্পৰিক সোৱাদ ল’ব খোজে তেন্তে আপুনি কিছুমান দেশীয় লোক-নৃত্য আৰু পপ সংগীত বিচাৰিব পাৰে। সপ্তাহান্তত আপুনি যেতিয়া শীতল হ’ব খোজে তেতিয়া হিপ-হ’প আৰু ৰ’ক আৰু অ’ল্ট শাখাত আপুনি কিছুমান উৎসৱৰ সংগীত পাব পাৰে। আটাইতকৈ উত্তম এইটোৱে যে সংগীতবোৰ আপুনি বিনামূল্যে ডাউনলোড কৰিব পাৰে।
চলচ্চিত্ৰ অনুৰাগী সকলে বক্স অফিচৰ হিটবোৰ, আহি থকা চলচ্চিত্র আৰু বজাৰলৈ অহা ডি ভি ডি সমূহৰ খবৰবোৰ পাব পাৰে।
আপুনি যদি টেলিভিশ্যন প্ৰেমী হয় আৰু আপোনাৰ প্ৰিয় অনুস্হানবোৰৰ সময়-তালিকা চাব খোজে তেন্তে টিভি শাখাটোত চকু ফুৰাওক।
খেলা, ইংৰাজী নজনা আৰু ইণ্টাৰনেট ৰেডিঅ’ প্ৰেমী সকলে বিভিন্ন খেলা আৰু চেনেলবোৰত নিমজ্জিতহৈ বহুতো মজা উপভোগ কৰিব পাৰে।