Unicode.org
বিভিন্ন দেশ আৰু ভাষাত আখৰ প্ৰয়োগৰ বিকাশ আৰু ব্যৱহাৰ হয়। এনেকুৱা এটা গোলকীয় দৃশ্যপটত বিভিন্ন ভাষাৰ বৰ্ণৰ প্ৰতিনিধিত্বৰ প্ৰয়োজন কেবা গুণও বৃদ্ধি হৈছে। তাৰোপৰি বিভ্ৰান্তি এৰাবলৈ আৰু এপ্লিকেশ্যনবোৰ বিকাশ কৰিবলৈ এক মানদণ্ডসম্পন্ন এনক’ডিং সংৰূপৰ প্ৰয়োজন হৈছিল।
ইউনিকোড এনক’ডিং-এ প্লেটফর্ম, প্ৰগ্ৰেম অথবা ভাষাৰ প্ৰসংগ পৰিহাৰ কৰি প্ৰতিটো বৰ্ণকেই এটা অনন্য নম্বৰ প্ৰদান কৰিবলৈ লক্ষ্য লৈছে। মাইক্ৰ’ছফ্ট, এপ্ল, হিউলেট-পেকাৰ্ড (এইচ পি), অ’ৰাক্লৰ দৰে আৰু বহুতো উচ্চ পৰ্যায়ৰ কোম্পানিয়ে ইউনিকোড মানদণ্ড গ্ৰহণ কৰিছে।
ইণ্টাৰনেট এক্সপ্ল’ৰাৰ (আই ই), ম’জিলা ফায়াৰফক্স, গুগুল ক্ৰোম, অ’পেৰা, ছাফাৰি ইত্যাদি আধুনিক ব্ৰাউজাৰ আৰু উইণ্ড’জ, মেক অ’ এচ, আৰু লিনাক্সৰ দৰে অপাৰেটিং চিষ্টেমবোৰে ইউনিকোড এনক’ডিং সমর্থন কৰে।
Unicode.org য়ে বিভিন্ন ভাষাৰ ইউনিকোড শিকিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ বিভিন্ন সংগতিৰ যোগান ধৰাৰ উপৰিও আপোনাৰ বর্ণ দাখিল কৰিবলৈ সুবিধা দিয়ে। ইউনিকোডৰ এটা সাম্প্ৰতিক সংযোজন হ’ল ভাৰতীয় টকাৰ (আই এন আৰ) চিহ্ন, যিটো এতিয়াও মূল উপকৰণ নির্মাতাসকলে (অ’ ই এম) হার্ডৱেৰৰ সৈতে সংযোজন কৰিবলৈ বাকী আছে। কিন্তু বর্ণটো শীঘ্ৰেই ব্যৱহাৰ কৰিব পৰাকৈ বাবে প্ৰতিবিম্ব আৰু ইউনিকোড সংযোজন কৰা হৈছে।
ইউনিকোড সংস্হাই Unicode.org চলায় আৰু এইটো এটা অলাভজনক সংগঠন। সংস্হাৰ প্ৰধান লক্ষ্য হ’ল মানদণ্ড হিচাপে ইউনিকোড ব্যৱহাৰৰ বিকাশ, সম্প্ৰসাৰণ আৰু অগ্ৰগতিত সহায় কৰা। ’মোৰ বৰ্ণ ক’ত?’ শাখাটো দর্শন কৰি কম্পিউটাৰত কেনেকৈ এটা বর্ণ চিত্ৰায়িত কৰা হয় সেইবিষয়ে আপুনি কিছুমান মনোগ্ৰাহী কথা জানিব পাৰিব।